ছুখয় যুদ্ধ বিমানৰ চালকৰ আসনত বহিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু



 ছুখয় যুদ্ধ বিমানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu)। আজি তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ ছুখয় যুদ্ধ বিমানৰ পাইলটৰ আসনত বহিল ৰাষ্ট্ৰপতিগৰাকী। Sukhoi 30 MKI যুদ্ধ বিমানৰ আসনত বহিল মুৰ্মু।যুদ্ধবিমানত উৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কাজিৰঙাৰ গজ উৎসৱত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচীতো শুকুৰবাৰে অংশগ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে।


আজি পুৱাই বিশেষ বিমানেৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। তাৰ পিছতে ছুখয় যুদ্ধ বিমানৰ চালকৰ আসনত বহি ইতিহাস ৰচিলে দ্ৰৌপদী মুৰ্মুৱে। যুদ্ধবিমানত উৰা দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।দ্ৰৌপদী মুৰ্মুৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালাম, প্ৰতিভা পাটিল আৰু ৰামনাথ কোবিন্দে বায়ুসেনাৰ যুদ্ধ বিমানৰ চালকৰ আসনত বহিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰায় ২৫ মিনিট সময় ছুখয় যুদ্ধ বিমানৰ আসনত কটায়।

Post a Comment

Previous Post Next Post