গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানী !


 

গুৱাহাটীত এসময়ৰ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিজলানী। ফেশ্যন ডিজাইনঙৰ জগতত ১০ তা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰা প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তৰ দশম বৰ্ষপূৰ্তি উপলক্ষে উপস্থিত হয় সংগীতা বিজলানী। এসময়ৰ বলীউডৰ মোহময়ী অভিনেত্ৰী তথা মডেল সংগীতা বিজলানী। অসমীয়া পৰম্পৰাগত সাজত বলীউডৰ অভিনেত্ৰীগৰাকী। গাত পাটৰ সাজ পিন্ধি সোৱাদ লৈছে অসমীয়া পৰম্পৰাগত খাদ্যৰ। কলা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ু, বৰপিঠাৰ সোৱাদ ল'লে সংগীতা বিজলানীয়ে।


শনিবাৰে অভিনেত্ৰী গৰাকী উপস্থিত হয় বেলতলাৰ বশিষ্ঠপূৰত। অসমৰ প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই ফেশ্যন জগতত ১০ বছৰ সৰ্ম্পূন কৰা উপলক্ষে আয়োজিত বৰ্ষপূৰ্তি অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল বলীউডৰ সংগীতা বিজলানী। অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি অহা সংযুক্তা দত্তক প্ৰশংসা কৰিলে বলীউড অভিনেত্ৰী গৰাকীয়ে। দেশৰ সৰ্বোত্তম ফেশ্বন ৱিক নিউয়ৰ্ক আৰু পেৰিছ ফেশ্বন ৱিকত অংশ ল'বলৈ সুযোক পোৱা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ব্যক্ত কৰিলে ১০ বছৰীয়া যাত্ৰাৰ কথা।

অসমৰ হস্ততাত আৰু বয়ন শিল্পক উদগনি যোগাবলৈ গুৱাহাটীত উপস্থিত হোৱা বলিউডৰ অভিনেত্ৰী সংগীতা বিজলানী অভিভূত হৈ পৰে অসমৰ পাট, মুগাৰে তৈয়াৰী সাজ পাৰ দেখি। পাট, মুগাক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিবলৈ সংযুক্তা দত্তই বিগত ১০ বছৰে যথেষ্ট কষ্ট কৰিছে। বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অসমীয়া পাট, মুগাৰ সাজ পিন্ধি লেকমি ফেশ্যন উইকৰ ৰেম্পত খোজ কাঢ়িছে। অসমলৈ আহি অসমীয়া পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰ লগতে কামাখ্যা মন্দিৰ দৰ্শনৰ ইচ্ছা প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে।

অসমৰ হস্ততাত আৰু বয়ন শিল্পক উদগনি যোগাবলৈ গুৱাহাটীত উপস্থিত হোৱা বলিউডৰ অভিনেত্ৰী সংগীতা বিজলানী অভিভূত হৈ পৰে অসমৰ পাট, মুগাৰে তৈয়াৰী সাজ পাৰ দেখি। পাট, মুগাক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিবলৈ সংযুক্তা দত্তই বিগত ১০ বছৰে যথেষ্ট কষ্ট কৰিছে। বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অসমীয়া পাট, মুগাৰ সাজ পিন্ধি লেকমি ফেশ্যন উইকৰ ৰেম্পত খোজকাঢ়িছে। অসমলৈ আহি অসমীয়া পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰ লগতে কামাখ্যা মন্দিৰ দৰ্শনৰ ইচ্ছা প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে।

Post a Comment

Previous Post Next Post