কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি



 মেৰাপানীত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। বিষাক্ত কাঠফুলা খাই অসুস্থ হোৱা আৰু এজন লোকৰ শুকুৰবাৰে মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম  প্ৰফুল্ল বৰ্মন। ইয়াৰ পূৰ্বে কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল। যোৱা ২ এপ্ৰিলত মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল একাংশ ৰোগীক।


উল্লেখ্য যে, আপাৰ মেৰাপানীৰ পাঁচটাকৈ পৰিয়ালৰ লোকে পাহাৰৰ পৰা তুলি অনা বনৰীয়া কাঠফুলা সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। শিশুসহ ১৩ জনকৈ লোক কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল। ইফালে গোলাঘাট আৰু যোৰহাটৰ চিকিৎসালয় বৰ্তমানেও চিকিৎসাধীন হৈ আছে ১০ জনকৈ লোক। আনহাতে, চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নাহি ঘৰতে মুমূৰ্ষু অৱস্থাত থকা লোকো আছে বুলি জানিব পৰা গৈছে। এই লোকসকলক শীঘ্ৰে চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে স্বাস্থ্যৰ অৱস্থা অধিক জটিল হোৱাৰ সম্ভাৱনা আছে।

বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাতো প্ৰয়োজনীয় হৈ পৰিছে। খাবলৈ খেতি কৰি উৎপাদন কৰা কাঠফুলা আৰু হাবিত হোৱা বিষাক্ত কাঠফুলাৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে নজনাৰ ফলতে প্ৰতি বছৰে এনেদৰে একাংশ লোক কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ আহিছে ।

Post a Comment

Previous Post Next Post