আজি গুৱাহাটীত IPLৰ দ্বিতীয়খন মেচ; বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব দিবানৈশ খেলখন


 

গুৱাহাটীত IPLৰ দ্বিতীয়খন মেচ ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব। এই মেচখন ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছে খেলিব।


আজি বিয়লি ৩ বাজি ৩০ মিনিটত  দিবানৈশ খেলখন আৰম্ভ হ’ব। বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা এই খেলখন উপভোগ কৰিবলৈ দৰ্শকৰ বাবে প্ৰায় ১ বজাত প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়া হ’ব।

দিল্লী কেপিটেলছে (Delhi Capitals) বিগত ৬ এপ্ৰিলত গুৱাহাটীত আহি উপস্থিত হয়। শুকুৰবাৰ, ৮ এপ্ৰিলত বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে IPLৰ ৰণত নামিব। IPL ২০২৩ ত দিল্লী কেপিটেলছৰ এইয়া তৃতীয়খন খেল আৰু ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) দ্বিতীয়খন হ’ব। বৰ্তমানলৈকে দুয়োটা দলে এখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে আজি  প্ৰথমটো জয়ৰ সোৱাদ লোৱাৰ বাবে দুয়োটা দলে প্ৰচেষ্টা চলাব। গতিকে কোন দলে জয় লাভ কৰিব পাৰিব সেইয়া লক্ষণীয় হ’ব।

Post a Comment

Previous Post Next Post