ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ জুনিয়ৰ ২০ অনুৰ্ধ এথলেটিকচ চেম্পিয়নশ্বিপত জিলিকিল অসম সন্তান মেহদী হাচান


 

তামিলনাডুত অনুষ্ঠিত ২১সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ জুনিয়ৰ ২০ অনুৰ্ধ এথলেটিকচ চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈয়ে বৃহৎ সফলতা লাভ কৰে।


ল’ৰাৰ ১৫০০ মিটাৰ দৌৰত মেহদী হাচানে সোণৰ পদক অৰ্জন কৰে। অসমৰ মেহদী হাচানে ৩:৪৯:৭৩ মিনিট সময়েৰে দৌৰ সম্পূৰ্ণ কৰি এই পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

অৰ্জন মেহদীয়ে ফেডাৰেচন কাপৰ স্বৰ্ণ পদক অৰ্জনৰ জৰিয়তে তথা উন্নত প্ৰদৰ্শনেৰে এছিয়ান জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ যোগ্যতা প্ৰাপ্ত কৰিছে। অসমৰ উদিয়মান খেলুৱৈ মেহদী হাচানক অসম এথলেটিকছ সন্থাৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে অভিনন্দন জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post