চৌদিশে চলি থকা বিহুৰ আনন্দ–উল্লাহৰ মাজতেই গুৱাহাটীত বিগত ২৪ ঘন্টাত চাৰিটাকৈ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে ৷ কাহিলীপাৰা নৰকাসুৰত একেটা স্থানতে দুটাকৈ ঘৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘৰত মানুহ নথকাৰ সুযোগ লৈ ৰাজু শৰ্মা আৰু নিৰন কোঁৱৰ নামৰ ব্যক্তি দুজনৰ ঘৰত গধূলিতে চোৰে লুটপাত চলালে ৷ ঘৰৰ দৰ্জা খিৰিকী ভাগি ঘৰত প্রবেশ কৰি সোণৰ আ–অলংকাৰ আৰু নগদ ধন লুটি লৈ যায় ৷
একেদৰে জাপৰিগোগৰ অমৰজিত্ শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে নগদ ধন, আ–অলংকাৰ সহ বহু মূল্যবান সামগ্ৰী লুটি নিয়ে ৷ চোৰে আনকি পানীৰ টেপ পৰ্যন্ত কাটি নিয়ে ৷
আনহাতে, শনিবাৰে পুৱা ৭ বাজি ১০মিনিটত কামলৈ ওলাই অহাৰ সময়তে বেলতলা চন্দন নগৰত চন্দনা কলিতা নামৰ মহিলাগৰাকীৰ পৰা স্কুটিত অহা দুই চোৰে মোবাইল সহ এটা বেগ থপিয়াই নিয়ে। এই চুৰিকাণ্ডৰ ঘটনা CCTV কেমেৰাত বন্দী হৈ ৰয় ৷ আনৰ ঘৰত বন কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীৰ পৰা পুৱা এনেদৰে মোবাইল আৰু বেগ থপিয়াই নিয়াত দিগবিদিক হেৰাই উচুপি উঠে মহিলাগৰাকী ৷
এনেদৰে শুক্ৰবাৰৰ নিশাৰ পৰা শনিবাৰৰ পুৱালৈ মহানগৰীৰ ভিন্ন স্থানত চাৰিটাকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পিছে ২৪ঘন্টাৰ ভিতৰত সংঘটিত এই চুৰিকাণ্ড কেইটাৰ কোনো ক্লু এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰিব সক্ষম হোৱা নাই ৷