ছাগলী ক্ৰয় কৰিবলৈ আহি চাৰি সন্তানৰ মাতৃক লৈ পলাই গ’ল ছাগলী বেপাৰী। ছাগলী বেপাৰীয়ে পত্নীক পলাই লৈ যোৱাৰ পিছতে দুখত ভাগি পৰিছে স্বামী। পত্নীক বিচাৰি হাহাকাৰ কৰিছে স্বামীয়ে। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত হাজিপাৰা গাঁৱত সংঘটিত হৈছে এক ঘটনা।
একে অঞ্চলৰে আমিনেৰ চৰ গাঁৱৰ ৰাজু শ্বেখ নামৰ এজন ছাগলী বেপাৰীয়ে পত্নীক পলাই লৈ যোৱাৰ অভিযোগ স্বামীৰ। উল্লেখযোগ্য যে ছাগলী বেপাৰী ৰাজু শ্বেখে ছাগলী ক্ৰয় কৰিবলৈ আহি প্ৰথমে মহিলাগৰাকীৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। দীৰ্ঘদিন প্ৰেমৰ সম্পৰ্ক চলাৰ অন্তত চাৰি সন্তানৰ মাতৃক লৈ পলায়ন কৰে ছাগলী বেপাৰী ৰাজু শ্বেখে।
মহিলাগৰাকীয়ে পলাই যোৱাৰ সময়ত চাৰি সন্তানৰ এটি সন্তানক লগত লৈ যায়। লগতে ঘৰৰ পৰা নগদ ৮০ হাজাৰ টকা আৰু আ–অলংকাৰ লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে।
Tags:
National
