গুৱাহাটী পৌৰ নিগমৰ অধীনত ২শ কোটিটকীয়া জাৱৰ নিষ্কাশন প্ৰকল্প৷ ১৪ বছৰে দমাই ৰখা জাৱৰ নিষ্কাশন তথা সামগ্ৰী উৎপাদন হ’ব বৰাগাঁৱত ৷ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়া৷ মহানগৰীৰ পেলনীয়া জাৱৰ–জোঁঠৰ নিষ্কাশনক লৈ NGTৰ ৰোষত পৰিছিল গুৱাহাটী পৌৰ নিগম৷ NGTৰ নিৰ্দেশ অমান্য কৰি নিগমে পেলোৱা সামগ্ৰীৰে প্ৰকৃতি–জীৱকুললৈ ভাবুকি কঢ়িয়াইছিল৷ আৰু সেই নিৰ্দেশৰ পিছত অৱশেষত পৰিকল্পিতভাৱে পেলনীয়া সামগ্ৰী পেলোৱাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ৷
ইয়াৰ বাবে গুৱাহাটীৰ আদাবাৰী, মঠঘৰীয়া, ফাঁচীবজাৰ পুৰণি জে’ল এই তিনি স্থানত জাৱৰ নিষ্কাশন ষ্টেচন নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে ৷ য’ত তিনি স্থান মুঠ ২২৫ টন পেলনীয়া সামগ্ৰী নিষ্কাশন কৰিব নিগমে৷ ইমানেই নহয়, আদাবাৰীত বায়'মেথানেশ্বন প্ৰকল্প নিৰ্মাণৰ লক্ষ্য লৈছে নিগমে৷ যি প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰি বিদ্যুৎ চাকি জ্বলোৱা হ’ব মহানগৰীত৷
উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ নতুন নিগম গঠনৰ এবছৰ সম্পূৰ্ণ হৈছে৷ এবছৰ সম্পূৰ্ণ উপলক্ষে বিগত বৰ্ষৰ খতিয়ান দাখিল কৰে মেয়ৰ মৃগেন শৰণীয়াই৷ আগন্তুক বৰ্ষৰ বাবে ২ শ কোটি টকা নিৰ্ধাৰণ কৰা গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে মৃগেন শৰণীয়াই ৷ এবছৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিগমৰ প্ৰতিগৰাকী সদস্যক ১০ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰিছিল৷ পিছে, এবছৰ পিছতো আজিলৈ নিগমৰ কোনো সদস্যই লাভ নকৰিলে ১০ কোটি টকা৷ যি কথা মেয়ৰে সংবাদ মেল আওপকীয়াকৈ প্ৰকাশ কৰে৷
