৩-৪ বজাৰ আগতে কাৰ্যালয়লৈ নাহে ADC, এনেকৈয়ে চলিছে শিলচৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়


  

চৰকাৰী কাম-কাজ আৰু ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ কামৰূপ মেট্ৰ’ জিলাৰ পিছতে কাছাৰ জিলা দ্বিতীয় স্থানত আছে । তৎস্বত্বেও কিন্তু চৰকাৰে কাছাৰ জিলাৰ প্ৰতি চৰম অৱজ্ঞা কৰি অহাৰ অভিযোগ উঠিছে ৷ দুবছৰ ধৰি জিলাখনত জ্যেষ্ঠ উপ-পঞ্জীয়কৰ পদ খালী হৈ আছে ৷ উপ-পঞ্জীয়কজনে ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিছিল আৰু এতিয়া অতিৰিক্ত জিলা দণ্ডাধীশক দায়িত্ব দিয়া হৈছে, যিগৰাকী বিষয়াক সাধাৰণতে বিয়লি ৩ বজাৰ পূৰ্বে কাৰ্যালয়ত দেখাই পোৱা নাযায় ৷


ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ জনতা । সন্ধিয়া ৭:৩০ বজা পৰ্যন্ত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত কাম চলে ৷ অৰ্থাৎ যিসকল লোক গ্ৰাম্য অঞ্চলৰ পৰা বিভিন্ন কামত এই কাৰ্যালয়লৈ আহে তেওঁলোকে নিশালৈকে অপেক্ষা কৰিবলগীয়া হয় । ইয়াৰ আঁৰৰ কাৰণ হ’ল ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা দণ্ডাধীশ হিমাশ্ৰী ডেকা কেতিয়াবা বিয়লি তিনি বজাত আৰু কেতিয়াবা বিয়লি চাৰি বজাত আহে কাৰ্যালয়লৈ । অথচ কাৰ্যালয় পুৱা দহ বজাতে খোলে ৷

শিলচৰ বাৰ এছ’চিয়েশ্যনে এই সন্দৰ্ভত প্ৰশাসনৰ কাষ চাপিছে যদিও কোনো বিশেষ সঁহাৰি পোৱা নাই । আবকাৰী বিভাগৰ পিছত চৰকাৰে এই বিভাগৰ পৰাই সৰ্বাধিক ধন সংগ্ৰহ কৰে । কিন্তু এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ পদটো চৰকাৰে বিগত দুবছৰৰ পৰা খালী কৰি থৈছে ।

Post a Comment

Previous Post Next Post