ৰাজস্থানৰ আলোৱাৰাত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ একে পৰিয়ালৰ শাহু-জী-জোঁৱাইৰ কৰুণ মৃত্যু



 দিল্লীত জী-জোঁৱাইৰ খবৰ ল'বলৈ গৈ দুৰ্ঘটনাত অসমৰ এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ কৰুণ ঘটনা পোহৰলৈ আহিছে। ৰাজস্থানত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত শাহুৰ লগতে জী-জোঁৱাইয়েও মৃত্যুক সাৱটিবলগা হয়।


জানিব পৰা মতে, নিহত শাহুগৰাকীৰ ঘৰ বোকাখাত নুমলীগড়ত আৰু জী-জোঁৱাইৰ ঘৰ গুৱাহাটীৰ সোনাইঘুলিত। কৰ্মসুত্ৰে জী-জোঁৱাই দিল্লীৰ গুৰগাঁৱত বাস কৰিছিল। অসমৰ পৰা দিল্লীলৈ জী-জোঁৱাইৰ খবৰ কৰিবলৈ মহিলাগৰাকী দিল্লীলৈ গৈছিল। পিছত মহিলাগৰাকীয়ে জী-জোঁৱাই আৰু একমাত্ৰ নাতিৰ সৈতে জোঁৱাইৰ নিজৰ গাড়ীত ৰাজস্থানত ফুৰিবলৈ গৈছিল। ৰাজস্থানৰ আলোৱাৰাত একে দিশেৰে গৈ থকা এখন ট্ৰেইলাৰত পিছফালে পৰিয়ালটিৰ গাড়ীখনে খুন্দা মাৰে ৷ যাৰফলত বোকাখাত নুমলীগড়ৰ পৰা যোৱা শাহু জ্যোতিমালা চৌধুৰী গগৈ, জীয়ৰী মুনমী চৌধুৰী বৰা আৰু জোঁৱাই অৰ্ণৱ বৰা থিতাতে নিহত হয় ৷ গাড়ীখনত থকা অৰ্ণৱ আৰু মুনমীৰ একমাত্ৰ সন্তান আৰিভ বৰা আঘাত পাই যদিও জীৱন ৰক্ষা পৰে ৷

উল্লেখ্য যে, বৰ্তমান কণমানিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি শিশুটোৰ হাত আৰু ভৰিত যথেষ্ট আঘাত পাইছে। এই ঘটনাৰ বাবে মহিলাগৰাকীৰ নুমলীগড়স্থিত ঘৰ আৰু জী-জোঁৱাইৰ গুৱাহাটীৰ সোনাইঘুলিস্থিত ঘৰত এক শোকাকুল পৰিৱেশৰ বিৰাজ কৰিছে।


Post a Comment

Previous Post Next Post