মহানগৰীৰ মালিগাঁৱত চোৰৰ সন্ত্ৰাস; ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিলে নগদ ধন


 

মহানগৰীৰ মালিগাঁৱত চোৰে পুনৰ সক্ৰিয় ৰূপ ধাৰণ কৰিছে। জালুকবাৰী আৰক্ষী থানাৰ কেইমিটাৰমান নিলগৰ ভৰালী মাৰ্কেটত কালি চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মাৰ্কেটখনত থকা স্বৰ্ণলতা জুৱেলাৰ্চ নামৰ প্ৰতিষ্ঠানখনৰ পৰা চোৰে কৌশলেৰে এটা মোবাইল ফোন চুৰি কৰে। এই সমগ্ৰ ঘটনা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ চিচিটিভি কেমেৰাত বন্দী হৈছে ।


ইফালে একেটা দিনতেই মালিগাঁৱৰ আন এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এটা চোৰে নগদ ধন লৈ উধাও হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিষ্ঠানখনৰ চিচিটিভি কেমেৰাত এই চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈছে।

জালুকবাৰী আৰক্ষী থানাৰ কেইমিটাৰমান নিলগতে এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনাই সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে।

Post a Comment

Previous Post Next Post