যোৰহাটত বহিঃৰাজ্যৰ ট্ৰাকচালকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনো এজন ট্ৰাকচালক। কানপুৰৰ অশোক কুমাৰ নামৰ চালকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে ভোগদৈ আৰক্ষী চকীৰ সমীপত পথৰ কাষত পৰি থকা অৱস্থাত গুৰগাৱৰ পৰা যোৰহাটৰ বিশাল মেগা মাৰ্টলৈ সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকৰ চালকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল।
গ্ৰেপ্তাৰ হোৱা ট্ৰাকচালক অশোক কুমাৰে এখন ট্ৰাক হঠাৎ পিছলৈ চলি আহি খুন্দিওৱাৰ ফলতহে চালকজনৰ মৃত্যু হৈছে বুলি জানিবলৈ দিছে। অশোক কুমাৰৰ ট্ৰাকখনো সমীপতে ৰখাই থোৱা আছিল। আৰক্ষীৰ অধিক সোধপোচৰ পিছতহে এই ঘটনা এক দুৰ্ঘটনা আছিল নে হত্যাকাণ্ড সেয়া স্পষ্ট হ’ব।