১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান


 

ৰাজ্যবাসীৰ পৰম আকাংক্ষিত গুৱাহাটী AIIMS মুকলিৰ বাবে মাজত মাথো কেইটামান দিন বাকী। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন ।


উল্লেখযোগ্য যে, ইতিমধ্যে প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে চিকিৎসা প্ৰতিষ্ঠানখনৰ। পূৰ্ণ গতিত চলিছে চিকিৎসা প্ৰতিষ্ঠানখনৰ মূল পথকে ধৰি অন্যান্য কামসমুহ।

শনিবাৰে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ অগ্ৰগতিৰ বুজ লবলৈ চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হয় ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং সহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

সভাৰ স্থান, গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি অন্যান্য কাম সমুহ পৰিদৰ্শন কৰি বাকী থকা কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ। মন্ত্ৰী গৰাকীক সংগ দিয়ে কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জ্জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে এইমছৰ উচ্চপদস্থ বিষয়াসকল।

ইতিমধ্যে AIIMS ত ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৭৫০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিচনা কাৰ্য্যক্ষম হৈ আছে। চিকিৎসালয়খনত OPD সেৱা আগবঢ়াই থকা হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

Post a Comment

Previous Post Next Post