ব্ৰহ্মপুত্ৰত উদ্ধাৰ চোৰাং চিকাৰী ছাইদুলৰ মৃতদেহ। শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰিছিল ছাইদুলে। বাগৰিৰ গঁড় হত্যাত জড়িত আছিল ছাইদুল। ছাইদুলৰ পৰা উদ্ধাৰ কৰা হৈছিল মৃত গঁড়টোৰ খৰ্গ।
উল্লেখ্য নগাঁৱৰ বৰদোৱাত STFৰ অভিযানত গঁড়ৰ খড়্গসহ কৰায়ত্ত কৰা হৈছিল ছাইদুল ইছলামক। চোৰাং চিকাৰী ইছলামে লগত আন চাৰিজনক লৈ খড়্গ বেচিবলৈ আহোঁতে আৰক্ষীয়ে আটক কৰে। পিছত ছাইদুলক লৈ গঁড় নিধন কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰালৈ স্থান দেখুৱাবলৈ নিশা আনিছিল যদিও সুযোগ বুজি ঘন হাবিৰ মাজেৰে পলায়ন কৰে ছাইদুলে৷