মহানগৰীৰ সৌৰভ নগৰত চাঞ্চল্যকৰ ঘটনা ঘটে। সৌৰভ নগৰৰ এটি পৰিয়ালৰ গেটত এটা মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজন সুবল দেৱবাৰ্মা বুলি চিনাক্ত কৰা হৈছে। সৌৰভ নগৰত ২৫ নম্বৰ ঘৰৰ গেটত ওলোমাই থোৱা অৱস্থাত এই মৃতদেহ উদ্ধাৰ হৈছে।
জানিব পৰা মতে, কেশৱ কলিতা নামৰ লোকজনৰ ঘৰৰ সন্মুখত এই মৃতদেহ উদ্ধাৰ হৈছে।
বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
মন কৰিবলগীয়া যে, ৰঙালী বিহুৰ দিনাখন মহানগৰীত তিনিটাকৈ ঘটনা সংঘটিত হৈছে। মালিগাঁৱৰ বিহুতলীত দুটা পৃথক ঘটনাত দুজন যুৱকক দুৰ্বৃত্তই চুৰীৰে আক্ৰমণ কৰে। ইয়াৰে ৰোহিত কুমাৰ গামী নামৰ যুৱকজনৰ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰপ্ত সীমান্ত তালুকদাৰ নামৰ আনজন যুৱক বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।