গুৱাহাটীৰ মালিগাওঁ হত্যাকাণ্ডৰ মুল অভিযুক্তক গোলকগঞ্জত গ্ৰেপ্তাৰ



 মালিগাওঁৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত ৰবি আলীক গোলোকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কালি মালিগাঁৱৰ ভৃগু কাশ্যপৰ অনুষ্ঠান চলি থকাৰ সময়তেই হত্যাকাণ্ড সংঘটিত কৰি ৰবি আলীয়ে পলায়ন কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰি নিশাই বাছত উঠি পুৱা গৌৰীপুৰলৈ পলায়ন কৰিছিল। তাৰ পৰা টেম্পৰে পশ্চিম বংগ লৈ পলায়ন কৰোতে গোলকগঞ্জ আৰক্ষীৰ হাতত ধৰা পৰিল।


উল্লেখ্য যে, ৰবিৰ ঘৰ গুৱাহাটিৰ মালিগাঁৱত ৷ গোলোকগঞ্জৰ নান্দিনীৰপাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলোকগঞ্জ থানাৰ অ'চি প্ৰনৱ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অভিযান চলাই হত্যাকাণ্ডত জড়িত হত্যাকাৰী ৰবি আলীক ধৰিবলৈ সক্ষম হয়।

পহিলা বহাগৰ দিনা মালিগাঁও ষ্টেডিয়ামত অনুষ্ঠিত বিহুতলীত এজন যুৱকক এদল যুৱকে চুৰীৰে আক্ৰমণ কৰে। এই আক্ৰমণত ৰোহিত কুমাৰ গামী নামৰ লোকজন নিহত হয়। জানিব পৰা মতে, এদল যুৱকৰ সৈতে বিহুতলীত ৰোহিত কুমাৰ গামী কাজিয়াত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত যুৱকৰ দলটোৱে ৰোহিতক চুৰীৰে আক্ৰমণ কৰে।

Post a Comment

Previous Post Next Post