প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কি কথা পাতিলে গুৱাহাটীৰ সাংসদ কুইন ওজাই?


 

চমু চাপিছে ২৪ৰ লোকসভা নিৰ্বাচনৰ সময় ৷ লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে প্ৰাসংগিক হৈ উঠিছে দলীয় টিকট প্ৰসংগ ৷ কোনে ক'ত লাভ কৰিব দলীয় টিকট?


২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ কেইবাগৰাকীও সাংসদে হেৰুৱাইছিল দলীয় টিকট ৷ তাৰ বিপৰীতে ২০২৪ৰ নিৰ্বাচনত কোন কোন বঞ্চিত হ'ব দলীয় প্ৰাৰ্থিত্বৰ পৰা ৷ শেহতীয়াকৈ ২৪ৰ টিকট বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে কেইবাগৰাকীও সাংসদে ৷ এই তথ্য প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।

গুৱাহাটী আৰু মঙলদৈৰ দুই সাংসদ ক্ৰমে কুইন ওজা আৰু দিলীপ শইকীয়াৰ সাক্ষাৎ ইয়াৰ ভিতৰত অন্যতম ৷ পিছে, প্ৰধানমন্ত্ৰীক কৰা এই সাক্ষাৎ দলীয় টিকট বিচাৰি নহয় বুলি দাবী গুৱাহাটীৰ সাংসদ কুইন ওজাৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ একমাত্ৰ সৌজন্যমূল্যক বুলি উল্লেখ কৰি কাক ক'ত টিকট দিব সেয়া দলে নিৰ্ণয় কৰিব বুলি কয়।ইয়াৰ লগতে দলীয় কৰ্মী ৰূপে কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে সাংসদগৰাকীয়ে। গুৱাহাটীৰ সাংসদ ৰূপে যদি ভাল কাম কৰিছোঁ তেন্তে নিশ্চয় টিকট পাম বুলি দাবী কৰে ৷ সকলো দলীয় বিষয়ত দলে যি সিদ্ধান্ত ল'ব সেয়া গ্ৰহণ কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ গুৱাহাটী সাংসদগৰাকীৰ এতিয়া ৰিপোৰ্ট কাৰ্ডে নিৰ্ণয় কৰিব কি হ'ব ২০২৪ৰ টিকট ৷ অৱশ্যে প্ৰাৰ্থী যিয়েই নহওক ২০২৪ত বিজেপিৰে চৰকাৰ হ'ব বুলি দাবী কুইন ওজাৰ।

Post a Comment

Previous Post Next Post