নলবাৰীৰ প্ৰথমখন চাহ বাগিচা চাবলৈ আহিছে বহুজন ...


 

নলবাৰী জিলাৰ বৰজাৰ গাঁৱত আদৰ্শ যুৱ কৃষক ৰতন নাথৰ উদ্যোগত গঢ় লৈ উঠিছে এখন ক্ষুদ্ৰ চাহ বাগান । টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নলবাৰী জিলাৰ একমাত্ৰ চাহ বাগানখন হৈ পৰিছে এতিয়া নলবাৰীবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । সততে নলবাৰীৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলৰ বাবে তেনেই দুৰ্লভ চাহখেতি ।


বৰজাৰৰ আদৰ্শ যুৱ কৃষক ৰতন নাথে গঢ়ি তোলা চাহ বাগিচাখন চাবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ লোকৰ সোত বৈছে । ঠিক তেনেদৰে আজি বৰজাৰৰ শ্বহীদ লোহিত পাঠক চানিৰাম ৰাভা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে শৈক্ষিক কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলক লৈ শৈক্ষিক ভ্ৰমণ কৰে নলবাৰীৰ একমাত্ৰ চাহ বাগিচাখনত ।

ভ্ৰমণকালত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰমেশ শীলে চাহ বাগান চাবলৈ দূৰ দূৰণিলৈ নগৈ ওচৰতে গঢ়ি উঠা বাগিচাখন প্ৰত্যক্ষ কৰিবলৈ ৰাইজকো আহ্বান জনায় । আজি শ্বহীদ লোহিত পাঠক চানিৰাম ৰাভা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বাগানখন স্থাপন কৰা ৰতন নাথৰ সৈতেও মত বিনিময় কৰে ৷

Post a Comment

Previous Post Next Post