ব'হাগ বিহুক কেন্দ্ৰ কৰি আমি পালন কৰা বহু পৰম্পৰাৰ লগত ওত:প্ৰোত ভাবে সংপৃক্ত হৈ আছে বহু তৰু-তৃণ,গছ-লতিকা,ফুল আদি ৷ এই সকলো তৰু-তৃণ, গছ-লতিকাৰে আছে ঔষধী গুন ৷তাহানিতে আমাৰ পৰম্পৰাৰ মাজত থাকিয়েই এই গছ-লতিকাই আমাক ৰক্ষা কৰিছিল বহু ৰোগ-ব্যাধিৰ পৰা ৷
জেতুকা : প্ৰতিজন লোকৰে চিনাকি ৷ জেতুকাৰ ব'হাগ বিহুত আছে সুকীয়া গুৰুত্ব ৷ মানুহ বিহুৰ দিনা জেতুকা বুলাই দুয়োহাত ৰাঙলী কৰে অসমীয়া জীয়াৰী-বোৱাৰীয়ে ৷ অৱশ্যে ব'হাগ বিহুৰ ওপৰি বিভিন্ন উৎসৱ-পাৰ্বন, বিয়া আদিত জেতুকা ব্যৱহাৰ কৰা দেখা যায় ৷ জেতুকা কেৱল হাততে নহয়, নখ আৰু চুলিতো ব্যৱহাৰ কৰে মহিলা সকলে ৷ যদিওবা জেতুকা অতীজৰে পৰা পৰম্পৰাগত প্ৰাকৃতিক প্ৰসাধন হিচাপে ব্যৱহাৰ হৈ আহিছে তথাপিও ইয়াৰ অন্তৰালত আছে কেতবোৰ লোকবিশ্বাস ৷
ব'হাগ বিহুত বৰ্হমথুৰিৰ লগত জেতুকা পিহি হাতত লগালে বছৰটোলৈ সতেজতা অটুট থাকে আৰু হাতত হোৱা চালৰ ৰোগৰ পৰা পৰিত্ৰাণ পায় বুলি এক লোকবিশ্বাস আছে ৷ ইয়াৰ ওপৰি বৈদ্যশাস্ত্ৰত জেতুকাৰ ঔষধি গুনৰ বিষয়ে বিশদ বিৱৰণ আছে ৷
কপৌফুল: কেৱল নাচনীৰ খোপাৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেই কপৌফুল ব্যৱহাৰ কৰা নহয়, কপৌফুলৰ আছে অনেক ঔষধি গুন ৷ কেৱল বসন্ত ঋতুত ফুলা কপৌফুলৰ শতাধিক প্ৰজাতি অসম তথা উত্তৰপুৰ্ব্বাঞ্চলৰ হাবিত পোৱা যায় ৷ এই কপৌফুল সমূহৰ মাজত যি সমূহৰ গোন্ধ আছে সেই সেইসমূহ কপৌফুলহে নাচনীয়ে খোপাত গুজি লোৱা দেখিবলৈ পোৱা যায় ৷

ক'বলৈ গলে নাচনীৰ সাজজোৰ সম্পুৰ্ন নহয় কপৌফুল নেথাকিলে ৷ নাচনীৰ দেহত অসমীয়া আ-অলংকাৰৰ সমানে সমানে গুৰুত্ব আছে কপৌফুলৰ ৷ আনহাতে বিহুৱা ডেকাই আনি দিয়া কপৌফুলপাহ নাচনীয়ে খোপাত গুজি ল'লেহে বসন্তময়ী হয় বুলি বিশ্বাস কৰা হয় ৷
লোকবিশ্বাস যে- কপৌফুল খোপাত গুজি থলে ওকণি নহয় আৰু চুলি সৰা বন্ধ হয় ৷ আনহাতে কপৌফুলৰ পাত আৰু গছৰ আছে বহুকেইটা ঔষধি গুন ৷ কানৰ ৰোগত কপৌফুলৰ পাত ব্যৱহাৰৰ সম্পৰ্কে বৈদ্যশাস্ত্ৰত উল্লেখ আছে ৷
গুৱালপঘা : আজি বহুতৰে বাবে অচিনাকি হৈ পৰা গুৱালপঘাৰ আছে বহাগবিহুৰ লগত ওত:প্ৰোত সম্পৰ্ক ৷ সাতবিহুৰ প্ৰথম বিহু গৰুবিহুৰ দিনা ন গুৱালপঘাৰে গোহালিত গোধনক বন্ধাৰ পৰম্পৰা সাতামপুৰুষীয়া ৷ বিহুৰ কেইদিনমানৰ আগতে পিতনিৰ পৰা তৰা চিৰি "তৰাদৈ" আনি শুকুৱাই মৰাপাটেৰে বতা হয় গুৱালপঘা ৷
ঠেঙাল কছাৰী সকলে চ'ত মাহৰ দ্বিতীয় বুধবাৰত উদযাপন কৰে তৰাচিৰা বিহু আৰু সেই দিনটোতে পিতনিৰ পৰা "তৰাজৰি" বা "তৰাদৈ" আনিবলৈ যায় গঞাসকল ৷
মৰাপাট,তৰাজৰিৰে বতা গুৱালপঘাডাল গৰুবিহুৰ দিনা মাহ-হালধীৰে নোৱাই তুলসী আগ আৰু ৰঙা সূতা লগাই গোধনক গোহালিত বন্ধা হয় ৷ লোকবিশ্বাস যে-গোধনৰ বিভিন্ন ৰোগ ব্যাধি যেনে গলফুলা,চবকাৰ পৰা ৰক্ষা পৰে ৷
নাহৰ গছ: বহাগ বিহুত সুগন্ধি নাহৰ ফুল আৰু নাহৰ পাতৰ আছে সুকীয়া প্ৰয়োজনীয়তা ৷ গৰুবিহুৰ দিনাই ফুল ফুলি থকা নাহৰৰ সৰু ডাল আৰি দিয়া হয় দুৱাৰমুখত আৰু তিনিখিলা পুৰঠ নাহৰ পাতত "দেৱ দেৱ মহাদেৱ,নীল গ্ৰীৱ জঁটাধৰ,বাট বৃষ্টি হৰং দেব,মহাদেৱ নমস্তুতে,নমো নম:" এই মন্ত্ৰ লিখি মুল দুৱাৰৰ ওপৰত লগাই দিয়া হয় ৷