আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ পদক্ষেপ


 

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ পদক্ষেপ । ৰঙালী বিহুৰ পূৰ্বে অতন্দ্ৰ প্ৰহৰী আৰক্ষী আৰু সমাজৰ দাপোন স্বৰূপ সাংবাদিকসকলক সম্বৰ্ধনা জনায় মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ।


অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । চৰকাৰেও গীনিজ বুক ৰেকৰ্ডৰ বাবে লৈছে বিশেষ পদক্ষেপ । গুৱাহাটীত আহি উপস্থিত হৈছেহি ভিন্ন জিলাৰ বিহুৱা-বিহুৱতীসকল । বিহু-পূজা বা অন্যান্য জাতীয় তথা পৰম্পৰাগত অনুস্থানত ছুটী লাভ নকৰে আৰক্ষী আৰু সাংবাদিকসকলে ।

যি সময়ত প্ৰতিটো পৰিয়ালে উৎসৱ-পাৰ্বন উপভোগত ব্যস্ত থাকে সেই সময়ত আৰক্ষী আৰু সাংবাদিকসকলে পৰিয়ালৰ পৰা আতৰি ব্যস্ত থাকিবলগীয়া হয় নিজা কৰ্তব্যত । সেয়ে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ল'লে এই বিশেষ পদক্ষেপ ।

উলুবাৰী উৰণীয়া সেতুৰ তলত কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী আৰু সাংবাদিকক একোখনকৈ বিহুৱান উপহাৰ হিচাপে দি ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰে । মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ।

Post a Comment

Previous Post Next Post