'মন কি বাত'ৰ ১০০ সংখ্যক খণ্ড সম্প্ৰচাৰ; প্ৰধানমন্ত্ৰী মোদীয়ে কি কি ক’লে এই অুষ্ঠানত জানক


 

আজি প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড সম্পন্ন হৈছে। এই ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে তেওঁ প্ৰতি মাহে দেশবাসীৰ সৈতে কথা পাতে। ২০১৪ চনৰ ৩ অক্টোবৰত আকাশবাণী (ৰেডিঅ') আৰু দূৰদৰ্শনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' সম্প্ৰচাৰ হৈছিল। দেওবাৰ অৰ্থাৎ ৩০ এপ্ৰিলৰ পুৱা ১১ বজাত সম্প্ৰচাৰ হোৱা এই অনুষ্ঠানৰ উপলক্ষে বিজেপিয়ে বিশেষ প্ৰস্তুতি চলাইছিল। এই খণ্ডটো ১০০০ ৰো অধিক ৰেডিঅ' ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হয় যাৰ ভিতৰত টিভি চেনেল, ব্যক্তিগত ৰেডিঅ' ষ্টেচন আৰু কমিউনিটি ৰেডিঅ' অন্তৰ্ভুক্ত আছে। 'মন কি বাত' অনুষ্ঠানটো প্ৰতি মাহৰ শেষ দেওবাৰে প্ৰচাৰিত হয়।


আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰিত  ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে কি কি বিষয়ে আলোচনা কৰিলে জানক–

প্ৰধানমন্ত্ৰীয়ে আজিৰ ‘মন কী বাত’ত মণিপুৰৰ বিজয়শান্তি দেৱী নামৰ এগৰাকী মহিলাৰ সৈতে কথা পাতে যিয়ে পদুমৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে, তেওঁ কেইটামান খণ্ডৰ আগতে বিজয়শান্তি দেৱীৰ কথা উল্লেখ কৰিছিল।বিজয়শান্তিৰ অনন্য পৰিৱেশ-অনুকূলৰ ধাৰণাটোৰ বিষয়ে 'মন কি বাত'ত আলোচনাৰ পিছতেই তেওঁৰ কাম অধিক জনপ্ৰিয় হৈ পৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে বিশাখাপত্তনমৰ ভেংকট মুৰলী প্ৰসাদৰ কথাও আজি উল্লেখ কৰে।
তেওঁ কয় যে, ‘‘মোৰ মনত আছে, বিশাখাপত্তনমৰ ভেংকট মুৰলী প্ৰসাদজীয়ে এখন স্বাৱলম্বী ভাৰতৰ তালিকা শ্বেয়াৰ কৰিছিল। তেওঁ কৈছিল কেনেকৈ তেওঁ অধিকতকৈ অধিক ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰিব।’’

জম্মু আৰু কাশ্মীৰৰ পেঞ্চিল শ্লেটৰ বিষয়ে কওঁতে মঞ্জুৰ আহমেদৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ ‘মন কি বাত’ত মঞ্জুৰ আহমেদৰ সৈতেও কথা পাতিছিল আৰু তেওঁৰ কামৰ বিষয়ে সুধিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান ‘মন কি বাত’ত কয়, ‘‘এনে বহুতো অভিযান আমাৰ নাৰী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে আৰু 'মন কি বাত' তেওঁলোকৰ প্ৰচেষ্টাক আলোকপাত কৰাৰ এক মঞ্চ হৈ পৰিছে।’’

প্ৰধানমন্ত্ৰীয়ে ‘চেলফি উইথ ডটাৰ’ উদ্যোগ অভিযান আৰম্ভ কৰা ব্যক্তি সুনীল জগলানৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ 'মন কি বাত'ত উল্লেখ কৰা সকলো লোককে নায়ক বুলি উল্লেখ কৰে। এই অনুষ্ঠান তেওঁৰ বাবে কেৱল এক কাৰ্যসূচী নহয়, ই এক বিশ্বাস, উপাসনা বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘‘এই কাৰ্যসূচীয়ে মোক কেতিয়াও আপোনাৰ পৰা আঁতৰি যাবলৈ অনুমতি দিয়া নাছিল।’’ ইয়াৰোপৰি, তেওঁ দেশৰ জনগণৰ পৰা হাজাৰ হাজাৰ চিঠি পোৱা বুলিও আজিৰ এই ৰেডিঅ’ অনুষ্ঠানত উল্লেখ কৰে।

Post a Comment

Previous Post Next Post