তাই আহোমসকলৰ নিজস্ব ভাষা-কৃষ্টি-সংস্কৃতি অটুট ৰাখি জাতিটোক আগুৱাই নিয়াৰ উদ্দেশ্যে গঠন হোৱা পয় ফুৰালুং সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন লখিমপুৰৰ বান্টৌ চাও চেন ৰেনত আজি অনুষ্ঠিত হয় ৷
অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ডেৰশৰো অধিক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে জিলা প্ৰতিনিধিসকলে অংশ লয় এই গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভাখনত ৷ আইচিং লাওৰে আৰম্ভ কৰা কাৰ্যনিবাহকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা তাই আহোমসকলক পুনৰ স্ব-ৰীতি–নীতি আৰু কৃষ্টি-সংস্কৃতিৰ মাজলৈ ঘূৰাই অনা, বৰ্তমান প্ৰায় বিলুপ্তিৰ গৰাহত পৰা তাই ভাষাক পুনৰ নৱপ্ৰজন্মৰ মাজত ব্যৱহাৰ কৰিবলৈ উদগনি যোগোৱা ইত্যাদি বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৷
