অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা আৰম্ভ


 

আগন্তুক অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে শনিবাৰে কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলৈ সহিতে কেইবাজনো প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এখন বৈঠক অনুষ্ঠিত হয়৷


অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ হ'বলগীয়া অম্বুবাচী মেলা (Ambubachi Mela 2023) সম্পন্ন কৰাৰ বাবে বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ অম্বুবাচী মেলা আয়োজনৰ ক্ষেত্ৰত কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ মাজত সমন্বয় সাধন কৰিব৷ অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই জনায় যে বিগত বৰ্ষত ভক্তৰ বাবে পাঁচটা শিবিৰ স্থাপন কৰা হৈছিল যদিও এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধিৰ চিন্তা-চৰ্চা কৰি থকা হৈছে৷ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটী পৌৰ নিগমে মেলাৰ দিনকেইটাত মন্দিৰ চৌহদসহিতে সমগ্ৰ গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ লগতে নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা-যোৱা পথ আলোকিত কৰিব৷

জি এম ডি এই জালুকবাৰী উৰণীয়া সেতু, ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, বালাজী মন্দিৰ, উমানন্দ মন্দিৰ, বিভিন্ন উদ্যানকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহ আলোকিত কৰাৰ দায়িত্ব পালিন কৰিব৷ স্বাস্থ্য বিভাগে কামাখ্যা মন্দিৰৰ লগতে মন্দিৰৰ নামনিৰ প্ৰৱেশ পথ আৰু ভক্ত থাকিবলগীয়া শিবিৰত স্বাস্থ্য শিবিৰ স্থাপন কৰিব৷ এ পি ডি চি এলে মেলাৰ দিনকেইটাত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব৷ বন বিভাগক কামাখ্যা মন্দিৰৰ সমীপত বিপদসংকুলভাৱে থকা গছৰ ডালবোৰ কটাৰ দায়িত্ব দিয়া হয়৷ বন বিভাগক লগতে সাপৰ বিষনাশক দৰৱ মজুত ৰখা আৰু সাপ ধৰা মানুহ সাজু কৰি ৰাখিবলৈ কোৱা হয়৷

শিবিৰ আৰু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ভক্ত কঢ়িয়াবৰ বাবে ফেৰী বাহনৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহণ নিগমে কৰিব৷ নীলাচল পাহাৰৰ নামনিৰ পৰা ভক্তক মন্দিৰলৈ নিয়াৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ'ব৷ মেলাৰ সময়ত মন্দিৰ চৌহদ আৰু ভক্তৰ বাবে স্থাপন কৰা শিবিৰত যাতে পানীৰ নাটনি নহয়, তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক  নিৰ্দেশ দিয়া হয়৷ তদুপৰি যান-জঁট আৰু ভিৰ ব্যৱস্থাপনা, ভক্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ল'বলগীয়া সামগ্ৰিক পৰিকল্পনা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ কৰিব৷ বৈঠকত অসম পৰ্যটন উন্নয়ন নিগম, ৰে'লৱে, লোক নিৰ্মাণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, স্কাউট এণ্ড গাইড আদি বিভাগসমূহকো তেওঁলোকৰ দায়িত্বসমূহ ভগাই দিয়া হয়।

Post a Comment

Previous Post Next Post