নগাঁও আৰক্ষীৰ পৰা হাতৰ পৰা পলায়ন এটা গভাইত চোৰৰ। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ মৰিকলং আৰক্ষী চকীত। শনিবাৰে পুৱা মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ হাতৰ পৰা পলাই চোৰটোৱে জাপ দিছিল এটা পুখুৰীত। শেষত বহু চেষ্টাৰ ফলত আৰক্ষীয়ে পুখুৰীৰ পৰা আটক কৰে পলায়ন কৰা চোৰটোক। ধৃত চোৰটোৰ নাম ফিৰোজ খান বুলি জানিব পৰা গৈছে। পূৰ্বে এই চোৰটো কেইবাটাও গোচৰত অভিযুক্ত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
আৰক্ষীক জলাকলা খুৱালে এটা চোৰে, আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰি জাপ দিলে পুখুৰীত
byE News Assam Desk
•
0
