এগৰাকী শিক্ষকৰ মৰ্মস্পৰ্শী কাহিনী৷ জীৱনৰ ৩৬টা বছৰ শিক্ষকতা কৰিও নাপালে কোনো চৰকাৰী মাননী৷ শিক্ষকগৰাকীৰ নাম উদয় শৰ্মা৷ ১৯৮৭ চনতে বৰ্তমানৰ বাক্সা জিলাৰ মনসা মিলন হাইস্কুলত সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰিছিল উদয় শৰ্মাই। অৱশ্যে সেই সময়ত বিদ্যালয়খন হোৱা নাছিল প্ৰাদেশিকীকৰণ৷ পৰবৰ্তী সময়ত ২০১৩ চনত মনসা মিলন হাইস্কুল প্ৰাদেশিকীকৰণ হয় যদিও দুৰ্ভাগ্যজনকভাৱে উদয় শৰ্মাৰ নামটো বাদ পৰি ৰয় চৰকাৰী তালিকাৰ পৰা।
তথাপি বুকুৰ মাজত এটা আশা লৈ এম এ, বি এড ডিগ্ৰীধাৰী উদয় শৰ্মাই সুদীৰ্ঘ দৈনিক ১২ কিলোমিটাৰ চাইকেল চলাই শিক্ষাদান কৰি আহিছিল৷ পিছে উদয় শৰ্মাৰ ভাগ্য উদয় নহ’ল। বিনা বেতনে কৰ্তব্য পালন কৰি অৱশেষত বিদ্যালয়খনৰ পৰা বিদায় ল’লে উদয় শৰ্মাই।
শুকুৰবাৰে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকগৰাকীক জনায় বিদায় সম্বৰ্ধনা৷ সুদীৰ্ঘ ৩৬ বছৰে শিক্ষকতা কৰি লৈ গ’ল কেইখনমান গামোচা, শৰাই, মানপত্ৰৰ লগতে কিছু স্মৃতি৷
বিদায় বেলাত তেওঁ কয়, ‘চৰকাৰে এতিয়াও যদি মোৰ প্ৰতি সুদৃষ্টি দিয়ে, মই সুখী হ’ম। অন্ততঃ মোৰ পৰিয়ালটোৱে কিছুদিন প্ৰশান্তি লাভ কৰিব।’ লগতে তেওঁ চৰকাৰক অনাগত দিনত কোনো শিক্ষকৰ ক্ষেত্ৰত তেওঁৰ লগত কৰা ধৰণৰ অন্যায় নকৰিবলৈ আহ্বান জনায়।