অসমৰ ৰাজনীতিত পুনৰ একত্ৰিত বিৰোধী শক্তি; এই মহাজোঁটক সমালোচনাৰে থকাসৰকা অগপ–বিজেপিৰ


 

কংগ্ৰেছৰ নেতৃত্বত পুনৰ একেটা ছাতিৰ তলত লগ হৈছে অসমৰ বিৰোধী ৷ বিজেপিক প্ৰতিৰোধ কৰিবলৈ আপ আৰু AIUDFক বাদ ১১টা ৰাজনৈতিক দল মিলিত হ'ল হোটেল লিলীত ৷ ইয়াকে লৈ অগপ-বিজেপিৰ ইটোৰ পিছত সিটো টিপ্পনী ৷


অসমৰ ৰাজনীতিত আকৌ একত্ৰিত হৈছে বিৰোধী ৷ হোটেল লিলীত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ ঐক্য শক্তিক লৈ আৰম্ভ হৈছে সমালোচনা ৷ জাউৰীয়ে জাউৰীয়ে আৰম্ভ হৈছে টিপ্পনীৰ ৷ অসম বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কংগ্ৰেছৰ নেতৃত্বৰ এই ঐক্যক ঘোলা কণীৰ লগত কৰিছে তুলনা ৷

ৰঞ্জীৱ শৰ্মাই ক'লে, "ঘোলা কণীত উমনি দিছে কংগ্ৰেছে ৷ ঘোলা কণীত উমনি দিলে পোৱালী নোলায় ৷ লিলী হোটেলত এয়া টাইম পাছহে ৷ চাহ খাই টাইম পাছ কৰিবলৈহে ভাল হোটেল লিলীত ৷"

বিৰোধীৰ এই ঐক্যক আদৰ্শহীন আখ্যা দিছে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ৷ বিৰোধীৰ একতাত চৰিত্ৰ নাই বুলি মন্তব্য কৰিছে বিজেপি মুখপাত্ৰ লক্ষ্য কোঁৱৰে।  বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতৃত্বত আপ আৰু AIUDFক বাদ দি অসমৰ সকলো বিৰোধী দল ঠিয় দিলে বিজেপিৰ বিৰুদ্ধে ৷ কংগ্ৰেছৰ নেতৃত্বত এক হোৱা এই বিৰোধী শক্তিৰ ওপৰত অগপ–বিজেপি এতিয়া হৈ পৰিছে আক্ৰমণাত্মক ৷

অগপৰ সভাপতি অতুল বৰাই ক'লে, এনে জোঁট বহুবাৰ দেখিছোঁ ৷ অগপ বিজেপিয়ে এৰি দিয়া নাই বিৰোধীৰ ঐক্যমঞ্চত চামিল থকা সাংসদ অজিত কুমাৰ ভূঞা, অজাপ সভাপতি লুৰিণজ্যোতি গগৈকো ৷

আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই ক'লে, "বিৰোধীয়ে চৰকাৰ কৰিবলৈ কমেও বিশ বছৰ অপেক্ষা কৰিব লাগিব ৷ অসমত মুখ্যমন্ত্ৰীৰ আসনো বিশ বছৰলৈ খালী নহয় ৷ অজিত কুমাৰ ভূঞাৰ দলটো ক'ত আছে, উমানন্দত নেকি?"

ৰাজনীতিৰো কি যে ৰূপ ৷ বিজেপি অগপই এফালে কৈছে এই মহাজোঁটে একো ক্ষতি কৰিব নোৱাৰে মিত্ৰজোঁটক, আৰু আনফালে আকৌ ভীতিগ্ৰস্ত হোৱাৰ দৰে আক্ৰমণৰো লক্ষ্য কৰি লৈছে বিৰোধী মহাজোঁটক ৷

Post a Comment

Previous Post Next Post