গুৱাহাটী মহানগৰীৰ এখন অতি পুৰণি বজাৰ। বামুনীমৈদামৰ ৰে'লৱে কলনীত অৱস্থিত এইখন বজাৰ স্থাপন কৰা হৈছিল ১৯৬২ চনত। এই পুৰণি বজাৰখনৰ পৰাই আজিও জীৱন চলাই গৈছে বহু পৰিয়ালে ৷ সংস্থাপন লাভ কৰিছে বহু নিবনুৱাই। গুৱাহাটীবাসীৰ প্ৰয়োজনীয় সকলো সামগ্ৰী উপলদ্ধ ৰে'লৱে কলনী বজাৰত।
চমুকৈ কলনী বজাৰ ৷ প্ৰায় ৪ টাকৈ উপ-পথত ৫ শতাধিক ব্যৱসায়িক প্ৰতিস্থান আছে এই বজাৰখনত। কি নাই কলনী বজাৰত ! কাপোৰ, শাক-পাছলি, মাছ- মাংস আদিকে ধৰি প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ এইখন বজাৰত। বহুতে কয় এইখন বজাৰে গুৱাহাটীৰ প্ৰায় ৩০ শতাংশ জনতাৰ অভাৱ পূৰ কৰে। উল্লেখযোগ্য যে ৰে'লৱে কলনী বজাৰ ৰে'ল বিভাগৰ ভূমিত চলি থকা এখন বজাৰ।
কিন্তু বহু সমস্যাৰে জৰ্জৰিত এই বজাৰখনৰ ব্যৱসায়ীসকল সম্প্ৰতি কিছু অসুবিধাত পৰিছে। বিশেষকৈ বিশুদ্ধ খোৱাপানীৰ লগতে অন্য কামত ব্যৱহাৰ্য পানী, শৌচাগাৰ, আন্তঃগাঠনি, চাফাই আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত অসুবিধাত পৰিছে ব্যৱসায়ীসকল। প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকে এই বজাৰ। আপোনাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ হৈ পৰে ৰে'লৱে কলনী বজাৰত।
কিন্তু এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে বজাৰখনৰ ভিতৰৰ অংশ। তাৰ পিছত বোকাময় চৌদিশ ৷ অন্যহাতে ৰে'ল বিভাগৰ অধীনত থকাৰ বাবে এই বজাৰ পৰিষ্কাৰৰ দায়িত্ব নলয় পৌৰ নিগমে ৷ যাৰ বাবে অসুবিধাত পৰে ব্যৱসায়ীসকল।
কাৰণ ৰে'ল বিভাগক বছৰেকীয়া কৰ দিয়াৰ পাছতো কোনো ধৰণে চাফাই বা অন্য সমস্যা সমাধান নকৰাৰ বাবে ব্যৱসায়ীসকলে নিজে পৰিষ্কাৰ কৰিব লাগে বজাৰখন।