অথন্তৰ! আদবাটতে বেয়া হ’ল আইপিএলৰ খেলুৱৈ অনা বাছ


 

অথন্তৰ! আদবাটতে বেয়া হ’ল আইপিএলৰ খেলুৱৈ অনা বাছ। আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল। খেলৰ পূৰ্বে হোটেল ৰেডিচন ব্লুৰ পৰা ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈসকলক ষ্টেডিয়ামলৈ লৈ অহা হৈছিল এখন বাছত। কিন্তু আদবাটতে যান্ত্ৰিত বিজুতি ঘটিল খেলুৱৈ অনা বাছখনৰ।


হোটেলৰ পৰা খেলুৱৈসকলক আনি থকা অৱস্থাতে বেয়া হ’ল বাছখন। বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই দিয়া হয় বাছখন। তাৰ পিছত খেলুৱৈসকলক আন বাহনেৰে অনা হয় খেলুৱৈসকলক।

উল্লেখযোগ্য যে ৩.৩০ বজাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল। ১ বজাৰ পৰা দৰ্শকৰ বাবে খুলি দিয়া হৈছে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন খেল চাবলৈ উৎসুক ক্ৰিকেটপ্ৰেমী।

Post a Comment

Previous Post Next Post