আজি নৰ্থ লখিমপুৰ কলেজৰ প্ৰাংগনত গণসংযোগ বিভাগে প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহ উদযাপন কৰে । অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিমান চেতিয়াই ।
তেওঁক সহযোগ কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুমুদ বৰুৱা আৰু কৰুনা কৃষ্ণ নাথে । উদ্বোধনী ভাষণত অধ্যক্ষ বিমান চেতিয়াই বিভাগটোৰ সদস্য সকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় ।
বন্তি প্ৰজ্বলনৰ পাছতে বৃক্ষ ৰোপন আৰু সাংবাদিকসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । মত বিনিময় অনুষ্ঠানত লখিমপুৰ জিলা প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই নিজৰ অভিজ্ঞতা বিনিময় কৰি ছাত্ৰ ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰে ।
জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই পেছা হিচাপে লখিমপুৰ জিলাত সাংবাদিকতাৰ স্থিতি সন্দৰ্ভত বিভিন্ন তথ্যৰে ভাষণ প্ৰদান কৰে । পৰৱৰ্তী পৰ্যায়ত উপস্থিত সাংবাদিকসকলে বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ।