তেজপুৰৰ বায়ুসেনা ঘাটিত শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰৰ পৰা উৰা মৰাৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় তেজপুৰৰ হৰিজন কলনীত৷
হৰিজন কলনীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হৰিজনসকলৰ অভাৱ-অভিযোগৰ বুজ লয়৷ হৰিজন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে আনুসংগিক দিশসমূহৰো বুজ লয় ড° শৰ্মাই৷ ইফালে হৰিজন কলনী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীৰ কাষ চাপে এগৰাকী সুৰাসক্ত যুৱক৷
নিচাগ্ৰস্ত যুৱকজনৰ সৈতে স্বভাৱসুলভ ৰসিকতাৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ যুৱকজনৰ প্ৰতি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ প্ৰশ্ন- "তই দিনতে খালি ? ভাল কৰিলি দে৷ কিমান খালি?"৷ মুখ্যমন্ত্ৰীৰ প্ৰশ্নোত্তৰত যুৱকজনৰ উত্তৰ- "এক কোৱাৰ্টাৰ৷"
আনহাতে যুৱকজনৰ মাতৃকো প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে- "ই ভাত খোৱাৰ পাচত খাইনে খোৱাৰ আগত?"৷ এইদৰে হৰিজনসকলৰ লগত বহু কথা-বতৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে হৰিজনসকলৰ বাসগৃহৰ বাবে স্থায়ী মাটি প্ৰদানৰ আশ্বাস প্ৰদান কৰে৷