সৰুতে মাতৃৰ মুখত শুনিছিল গৰু গাড়ীত দৰা যোৱাৰ কথা


 

১৩ বছৰীয়া প্ৰেমে পূৰ্ণতা পালে নলবাৰীৰ কমল-তৃষ্ণাৰ। হোমৰ জুইক সাক্ষী কৰি পাতনি মেলিলে যুগ্ম জীৱনৰ। ব্যতিক্ৰমী ৰূপত অহা–দৰা চাবলৈ ভিয়াঘৰত ভিৰ কৰিলে ৰাইজে।


গতানুগতিকতাৰ বিপৰীতে নলবাৰীৰ এখন ব্যতিক্ৰমী বিয়া৷ আধুনিক জাক–জমকতাৰ বিপৰীতে কইনা নিবলৈ দৰা আহিল চৈ দিয়া গৰু গাড়ীত৷ পিছে পিছে খোজকাঢ়ি বৰযাত্ৰী৷ লগত ঢুলীয়া-খুলীয়া আৰু বেণ্ডপাৰ্টী৷ আনন্দত আত্মহাৰা বৰযাত্ৰী৷

মাতৃৰ মুখত শুনিছিল তাহানিৰ দিনত কইনা ঘৰলৈ দৰা গৰু গাড়ীত যোৱা আৰু ন-কইনা শহুৰৰ ঘৰলৈ ডোলাত অনা পৰম্পৰাৰ কথা৷ সেয়ে মৃত মাতৃৰ সেই কথাকে স্মৰণ কৰি নিজৰ যুগ্ম জীৱনৰ দিনটোত এই সিদ্ধান্ত ল’লে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নলবাৰীৰ কমল কলিতাই।

বিলাসী বাহনৰ পৰিৱৰ্তে নলবাৰী ঘগ্ৰাপাৰৰ নাৰপাৰাৰ পৰা দৰা কমল কলিতাই ওচৰৰে ননৈৰ গাঁৱৰ কইনা ঘৰলৈ গ’ল গৰুৰ গাড়ীৰে৷ নাৰপাৰাৰ কমল কলিতাই ননৈৰ গাঁৱৰ সূৰ্য প্ৰসাদ ডেকা আৰু মাতৃ কণিকা ডেকাৰ কনিষ্ঠ কন্যা তৃষ্ণা ডেকাক ব্যতিক্ৰমী ধৰণে নিজৰ কৰি আনিবলৈ যোৱা দৃশ্যই সকলোকে আকৰ্ষণ কৰে।

ইপিনে, এইখন বিয়াতেই দৰাই কইনাক আনিবলৈ ডোলা লৈ যোৱাও পৰিলক্ষিত হ’ল৷ উল্লেখযোগ্য যে দৰা কমল কলিতাৰ মাতৃও এদিন এনেকৈ গৰু গাড়ীৰে কইনা হৈ ঘৰলৈ আহিছিল আৰু সেই একে পৰম্পৰা ৰক্ষা কৰি পুত্ৰ কমল কলিতায়ো এইদৰে কইনা ঘৰলৈকে যোৱা পৰিলক্ষিত হ’ল৷ ইফালে দৰাৰ এনে সিদ্ধান্তত সুখী কইনাও৷ কইনাই কলে সুদীৰ্ঘ ১৩–১৪ বছৰীয়া আমাৰ প্ৰেমৰ সম্পৰ্কই আজি পূৰ্ণতা পালে৷

Post a Comment

Previous Post Next Post