আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি, কি হৈছিল ডিব্ৰুগড়ৰ হাতীমুৰাত?



 ডিব্ৰুগড় হাতীমুৰাত ৰঙালী বিহু সন্মিলনত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি। কণ্ঠশিল্পীজনে অনুষ্ঠান সামৰাৰ পিছতো জোৰ–জুলুমকৈ গান গাবলৈ বাধ্য কৰালে একাংশই। অতিৰিক্ত সময় গীত পৰিৱেশ নকৰিলে কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ ভাবুকি দিয়াৰ অভিযোগ।


এই ঘটনাৰ পিছতে মঞ্চতে কণ্ঠশিল্পীগৰাকীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে। তেওঁ কয়, এনেকুৱা হ’ব নালাগে। বাদ্যযন্ত্ৰ ভাঙি দিম বুলি কোৱা কথাটো মই বেয়া পাইছো, দুখ লাগিছে। সকলোৱে কষ্ট কৰিছে, গান গোৱাত আপত্তি নাই। কিন্তু ভাঙি দিম বুলি কোৱা কথাটো বিৰাট দুখ পাইছো।

আচূৰ্যই কয়, মই দুটা গান গাই থৈ যাম, কোনো আপত্তি নাই। কিন্তু এই কথাটোত মই দুখ পাইছো। উল্লেখযোগ্য যে হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনৰ সামৰণী অনুষ্ঠানত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিছিল।

Post a Comment

Previous Post Next Post