ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে শৰীৰচৰ্চা কৰাটো দেহৰ বাবে অতি প্ৰয়োজনীয় । সেই উদ্দেশ্য আগত ৰাখিয়েই নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাত আজি এখন অত্যাধুনিক শৰীৰচৰ্চা কেন্দ্ৰ মুকলি কৰা হয় ।
দৈনন্দিন জীৱনত ব্যয়াম, শৰীৰচৰ্চা আদিৰ সুবিধা হোৱাকৈ চামতাত ফিটনেট ভিক্টৰ 2.0 নামৰ শৰীৰচৰ্চা কেন্দ্ৰটো মুকলি কৰা হয় ।
সকলো বয়সৰ ব্যক্তিৰ বাবে শৰীৰচৰ্চাৰ ব্যৱস্থা থকা শীত-তাপ নিয়ন্ত্ৰিত শৰীৰচৰ্চা কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব বুলি জানিব দিছে কেন্দ্ৰটোৰ বিষয়ববীয়াই ।পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ শৰীৰ চৰ্চাৰ সুবিধা লাভ কৰিব পাৰিব
Tags:
National
