হয় ..গতানুগতিকতাৰ বিপৰীতে নলবাৰীৰ এখন ব্যতিক্ৰমী বিবাহ ৷ আধুনিক জাকজমকতাৰ বিপৰীতে কইনা নিবলৈ দৰা আহিল চৈ দিয়া গৰু গাড়ীত ৷ পিছে পিছে খোজকাঢ়ি বৰযাত্ৰী ৷ লগত ঢুলীয়া-খুলীয়া আৰু বেণ্ডপাৰ্টি ৷ আনন্দত আত্মহাৰা বৰযাত্ৰী ৷ মাতৃৰ মুখত শুনিছিল তাহানিৰ দিনত কইনা ঘৰলৈ দৰা গৰু গাড়ীত যোৱা আৰু ন-কইনা শহুৰৰ ঘৰলৈ ডোলাত অনা পৰম্পৰাৰ কথা ৷ সেয়ে মৃত মাতৃৰ সেই কথাকে স্মৰণ কৰি নিজৰ যুগ্ম জীৱনৰ দিনটোত এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নলবাৰীৰ কমল কলিতাৰ ৷
বিলাসী বাহনৰ পৰিৱৰ্তে নলবাৰী ঘগ্ৰাপাৰৰ নাৰপাৰাৰ পৰা প্ৰয়াত বতুল কলিতা আৰু মাতৃ অঞ্জু কলিতাৰ সৰু পুত্ৰ দৰা কমল কলিতাই ওচৰৰে ননৈৰ গাঁৱৰ কইনা ঘৰলৈ গ’ল এইদৰেই গ’ল গৰুৰ গাড়ীৰে ৷ নাৰপাৰাৰ কমল কলিতাই ননৈৰ গাৱৰ সূৰ্য প্ৰসাদ ডেকা আৰু মাতৃ কণিকা ডেকাৰ কণিষ্ঠ কন্যা তৃষ্ণা ডেকাক ব্যতিক্ৰমী ধৰনে আনিবলৈ যোৱা দৃশ্যই সকলোকে নষ্টালজিক কৰি পেলাইছে ৷ মনত পেলাইদিছে সেই তাহানিৰ দিনবোৰলৈকে ৷
ইপিনে এইখন বিয়াতেই দৰাই কইনাক আনিবলৈ ডোলা লৈ যোৱাও পৰিলক্ষিত হ’ল ৷ উল্লেখযোগ্য যে দৰা কমল কলিতাৰ মাতৃও এদিন এনেকৈ গৰু গাড়ীৰে কইনা হৈ এইখন ঘৰলৈকে আহিছিল আৰু আজি সেই একে পৰম্পৰা ৰক্ষা কৰি পুত্ৰ কমল কলিতাও এইদৰে কইনা ঘৰলৈকে যোৱা পৰিলক্ষিত হ’ল৷ ইফালে দৰাৰ এনে সিদ্ধান্তত সুখী কইনাও ৷ কইনাই কলে সুদীৰ্ঘ ১৩/১৪ বছৰীয়া আমাৰ প্ৰেমৰ সম্পৰ্কই আজি পূৰ্ণতা পালে৷ আমাৰ ফালৰ পৰাও কমল-তৃষ্ণালৈ থাকিল যুগ্ম জীৱনৰ অলেখ শুভকামনা ৷
