একো একোজন লোকক এটা সমষ্টিৰ ৰাইজে বৰ আশাৰে প্ৰেৰণ কৰে সংসদলৈ। পিছে, অসমৰ সাংসদসকলে কৰেনে ৰাইজৰ কাম? অসমৰ তিনি সাংসদে সাংসদ পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰই দিব পৰা নাই, যাৰ বাবে সংসদে তিনি সাংসদক মুকলি কৰি দিয়া নাই সাংসদ পুঁজিৰ ধন।
ৰিপ'ৰ্ট কাৰ্ডত লাল দাগ অসমৰ এই তিনি সাংসদৰ! পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দিয়াত অসমৰ্থ BJPৰ তপন কুমাৰ গগৈ, অডিট প্ৰমাণপত্ৰ দিয়াত ব্যৰ্থ কৃপানাথ মাল্লা। ইফালে কংগ্ৰেছৰ আব্দুল খালেকেও দিব পৰা নাই ব্যৱহাৰিক প্ৰমাণ পত্ৰ।
কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি সাংসদ কৃপানাথ মাল্লাই দিব পৰা নাই অডিট চাৰ্টিফিকেট৷ দিব পৰা নাই পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ। সেয়ে সংসদে সাংসদ পুঁজিৰ ধন মুকলি কৰি দিয়া নাই। সাংসদ মাল্লাক সংসদে ২০১৯-২০, ২০২০-২১ত আঢ়ৈ কোটিকৈ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত দিছিল ২ কোটি টকা।
একেদৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈকো তিনিওটা বিত্তীয় বৰ্ষত সংসদে সমান পুঁজি মুকলি কৰি দিছিল। যোৰহাটৰ সাংসদগৰাকীয়ে অডিট চাৰ্টিফিকেট দিলে যদিও পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ জমা নিদিলে সংসদত। একেদৰে, বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেককো একে হাৰতে তিনিওটা বিত্তীয় বৰ্ষত সংসদে পুঁজি দিছিল যদিও পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ জমা দিব নোৱৰাত আব্দুল খালেককো সাংসদ পুঁজিৰ ধন মুকলি কৰি দিয়া নাই সংসদে।
পিছে এই তিনি সাংসদে পুঁজি অনাত ব্যৰ্থ মানেই সমষ্টিবাসীৰ লোকচান। এজন সাংসদক লৈ সমষ্টিবাসীয়ে কৰা আশা, এতিয়া সপোন পূৰণ কৰাত ব্যৰ্থ হোৱা এইসকল সাংসদক কি চাই সমষ্টিবাসীয়ে পুনৰ পঠিয়াব দিল্লীলৈ? বিগত নিৰ্বাচনত এনে বহু কাৰণত বিজেপিয়ে টিকট দিয়া নাছিল ৰমেন ডেকা, আৰ পি শৰ্মা, ৰাজেন গোহাঁই, কামাখ্যা প্ৰসাদ তাছা, বিজয়া চক্ৰৱৰ্তীক। সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন। অসমৰ এই দুগৰাকী বিজেপি সাংসদ হয়তো নজৰত থাকিব নেতৃত্বৰ।