"বিজেপিক CAA ৰূপায়ণ কৰিবলৈ নিদিওঁ"- মমতা বেনাৰ্জী


 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব (সংশোধনী) আইনখনৰ সম্ভাৱ্য ৰূপায়ণৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এই বিষয়টো মন্থন কৰা বুলি দাবী কৰে।


কিছু ঘণ্টাৰ পিছত, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিসিথ প্ৰামাণিকে দৃঢ়তাৰে কয় যে সমগ্ৰ দেশতে CAA ক্ৰমান্বয়ে কাৰ্যকৰী কৰা হ’ব।

ভাৰতলৈ প্ৰব্ৰজন কৰা আৰু বৰ্তমান গুজৰাটৰ দুখন জিলাত বসবাস কৰা সংখ্যালঘু লোকসকলক নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (CAA)ৰ অধীনত নহয়, নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত কেন্দ্ৰই সোমবাৰে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লৈছিল।

“এই সকলোবোৰ ৰাজনীতি বন্ধ কৰক। গুজৰাটত নিৰ্বাচন আছে বাবেই তেওঁলোকে (বিজেপি) এইবোৰ কৰি আছে। আমি তেওঁলোকক কাৰ্যকৰী কৰিবলৈ নিদিওঁ। আমাৰ বাবে সকলোৱেই (ভাৰতৰ) নাগৰিক। আমি ইয়াৰ বিৰোধী।’-চেন্নাইলৈ যাত্ৰা কৰাৰ পূৰ্বে কলকাতা বিমানবন্দৰত সাংবাদিকৰ আগত এইদৰে কয় মমতা বেনাৰ্জীয়ে।

পশ্চিম বংগৰ ৰাজ্যপাল লা গণেশনৰ পাৰিবাৰিক সমাৱেশত অংশ ল’বলৈ দক্ষিণ ভাৰতৰ চহৰখনলৈ যাত্ৰা কৰিছে মমতা বেনাৰ্জীয়ে।
"মই ক’ম যে নিৰ্বাচন সিমান গুৰুত্বপূৰ্ণ নহয়, ৰাজনীতি সিমান গুৰুত্বপূৰ্ণ নহয়, মানুহৰ জীৱনহে অধিক গুৰুত্বপূৰ্ণ।"-বুলিও মমতা বেনাৰ্জীয়ে লগতে কয়।

পশ্চিম বংগৰ উত্তৰ প্ৰান্তৰ বাগডোগ্ৰা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰামাণিকে সাংবাদিকৰ আগত কয় যে এই আইন সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব।

‘'কা’ বঞ্চিত আৰু নিপীড়িত হিন্দু আদিৰ বাবে। কেৱল গুজৰাটতে নহয়, ক্ৰমান্বয়ে সমগ্ৰ ভাৰততো ইয়াক কাৰ্যকৰী কৰা হ’ব।’'

পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা সুবেন্দু অধিকাৰীয়ে মঙলবাৰে দাবী কৰে যে দেশত CAA ৰূপায়ণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু পশ্চিম বংগও ইয়াৰ ব্যতিক্ৰম নহ'ব।

বিজেপিৰ বিধায়ক অসীম সৰকাৰে মঙলবাৰে সুৰ সলাই মন্তব্য কৰে যে যদি ১৯৫৫ চনৰ আইনৰ অধীনতে নাগৰিকত্ব প্ৰদান কৰা হয়, তেন্তে ২০১৯ চনৰ নাগৰিকত্ব আইনৰ কি প্ৰয়োজন!

নৰেন্দ্ৰ মোডী চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰী — হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।

২০১৯ চনত সংসদে CAA গৃহীত কৰিছিল যদিও ইয়াৰ অধীনত নিয়ম এতিয়াও কার্যকৰী হোৱা নাই৷

বিতৰ্কিত CAA কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপিৰ এটা ডাঙৰ ভোটগ্ৰহণ বিষয়বস্তু হৈ পৰিছিল। গেৰুৱা দলৰ নেতাসকলে ইয়াক এক যুক্তিযুক্ত কাৰক বুলি গণ্য কৰে যাৰ ফলত পশ্চিম বংগত বিজেপিৰ উত্থান ঘটিছিল।

উল্লেখযোগ্য যে, ২০২৩ চনত পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Post a Comment

Previous Post Next Post