এজন আৰক্ষী বিষয়াৰ বাবেই প্ৰাণ ৰক্ষা পৰিল এটা পৰিয়ালৰ ৷ ১২ জনকৈ লোকক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষী বিষয়াজনে ৷ সেইজন আৰক্ষী বিষয়া হৈছে মুন প্ৰকাশ তিৱাৰী ৷
জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন প্ৰকাশ তিৱাৰীয়ে নিশা টহল দি থকাৰ সময়তে প্ৰথমে প্ৰত্যক্ষ কৰে জাগীৰোডত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা ৷ তাৰ পিছতে আৰম্ভ হ’ল জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ দায়িত্ব ৷
প্ৰথমে শুই থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিলে পৰিয়ালটোৰ ১২ জনকৈ সদস্যক ৷ তাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰক্ষী বিষয়া মুন প্ৰকাশ তিৱাৰীয়ে ৷ পৰৱৰ্তী সময়ত এখন এখনকৈ ঘটনাস্থলীত উপস্থিত হয় মুঠ ৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷ কেইবাঘণ্টাজোৰা অভিযানৰ অন্তত নিৰ্বাপন হয় জুই ৷
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ১২ জনকৈ লোকৰ প্ৰাণ ৰক্ষা কৰা সাহসী আৰক্ষী বিষয়াজনক সকলোৱে প্ৰশংসা কৰিছে। উল্লেখ্য, ঘটনাস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সহধৰ্মিণী তথা অভিনেত্ৰী আইম বৰুৱাই।