ডিব্ৰুগড় বিমান বন্দৰৰ আছুতীয়া সভাকক্ষত মৰাণ-মটক সংগঠনৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বৈঠকত।
মৰাণ-মটকৰ জনজাতিকৰণৰ বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উভতি যোৱাৰ সময়ত বিমানবন্দৰত হয় আলোচনা।
আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ মন্ত্ৰী বিমল বৰা, বিধায়ক বিনোদ হাজৰিকা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত চেতিয়া, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ উপস্থিত থাকে।