আজি মহাৰাষ্ট্ৰৰ পুণেস্থিত ৰাষ্ট্ৰীয় নেচাৰ'পেথী প্ৰতিষ্ঠান পৰিদৰ্শনকালত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত স্মৃতি দিৱস উপলক্ষে গভীৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সোণোৱালে উল্লেখ কৰে, "অতুলনীয় দেশপ্ৰেম, মানৱীয় প্ৰমূল্যবোধ আৰু সমন্বয়ৰ বাৰ্তা প্ৰতিফলিত হোৱা ভূপেনদাৰ কালজয়ী গীতসমূহে আমাক অনুপ্ৰাণিত কৰি আহিছে। ভাৰতৰত্ন ভূপেনদাৰ কণ্ঠ আৰু অমূল্য সৃষ্টিৰাজি কালৰ বুকুত অজৰ-অমৰ হৈ থাকিব।"
উল্লেখ্য, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয়। জালুকবাৰী সমাধিস্থলীতো অসম চৰকাৰৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হয় বৰেণ্য শিল্পীগৰাকীক