কাইলৈ ৫ নৱেম্বৰৰ পুৱা ১১ বজাত অনলাইনযোগে ঘোষণা হ'ব ৩ বৰ্গৰ চাকৰিৰ ফলাফল। ১৩,৩০০ পদৰ বাবে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈছিল এই নিযুক্তি পৰীক্ষা।
পুৱা ১১ বজাত SEBAৰ ৱেবছাইট www.sebaonline.orgত ফলাফল উপলব্ধ হ'ব বুলি তথ্যত প্ৰকাশ। উল্লেখ্য, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে ৰাজ্যত মুঠ ৪ লাখ প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইতিমধ্য ১৮ অক্টোবৰত চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হৈছিল। ১৩,৩৪১ পদৰ বাবে চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।
