যোৰহাট নগৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন



 সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰো বিভিন্ন স্থানত উদযাপন কৰা হয়। এই দিনটোতে যোৰহাট নগৰৰ মাজমজিয়াত স্থাপন কৰা হয়  ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি।


যোৰহাটৰ ঐতিহাসিক ভোগদৈ দলঙৰ কাষত আনন্দ নগৰত স্থাপন কৰা হৈছে এই প্ৰতিমূৰ্তিটো। যোৰহাট জিলাৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত আৰু আনন্দ নগৰ উন্নয়ন সমিতিৰ সহযোগত শনিবাৰে ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত এই প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে।

৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে বিশিষ্ট ভাস্কৰ্যশিল্পী ড০ ৰঞ্জিত কুমাৰ বৰুৱাই । এই অনুষ্ঠানত যোৰহাটৰ ভূতপূৰ্ব বিধায়ক ৰাণা গোস্বামীকে মুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে । নৱনিৰ্মিত এই প্ৰতিমূৰ্তিত বিভিন্ন লোকৰ লগতে কেইবাটাও দল-সংগঠনে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Post a Comment

Previous Post Next Post