বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠান, উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা


 

সোমবাৰে মঙলদৈ গেৰিমাৰীত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠান হ’ব। এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে, অসম দক্ষতা বিশ্ববিদ্যালয় হ’ল পূৱ ভাৰতৰ প্ৰথমখন দক্ষতা যি এক হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ২৫০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। মঙলদৈ  চহৰৰ প্ৰায় দুই কিলোমিটাৰ নিলগত থকা গেৰিমাৰী ভৈৰৱনগৰ, বিদ্যানগৰ গাঁৱত অসম দক্ষতা বিশ্ববিদ্যালয় অৰ্থাৎ Assam Skill University নিৰ্মাণ কৰা হ’ব। এই নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ৮০ শতাংশ ধন এছিয়ান ডেভলপমেন্ট বেংক (Asian Development Bank)  আৰু ২০ শতাংশ অসম চৰকাৰে ব্যয় কৰিব বুলি জানিব পৰা গৈছে।


মন কৰিবলগীয়া যে, অসম দক্ষতা বিশ্ববিদ্যালয়ত ১২ খন বিদ্যালয়ৰ ১২ টা বিভাগ থাকিব। এই ১২ খন বিদ্যালয় হৈছে ক্ৰমে–

১) অভিযান্ত্ৰিক, ২) পৰিচালনা আৰু উদ্যোক্তা, ৩)ষকৃষি আৰু বনানিকৰন ৪) ডিজিটেল টেকনলজি, ৫) হস্তশিল্প, ৬) সংবাদ মাধ্যম, মনোৰঞ্জন আৰু যোগাযোগ, ৭) সৰবৰাহ আৰু পৰিবহণ, ৮) পৰ্যটন, ৯) অভ্যৰ্থনা আৰু সুস্থতা, ১০) টিভিইটি প্ৰেকশ্যিনৰ বিকাশ, ১১) খুচুৰা, ১২) স্বাস্থ্যসেৱা আৰু ফাৰ্মাচী আৰু দূৰশিক্ষা আৰু আজীৱন শিক্ষা।

উল্লেখনীয় যে, এই বিশ্ববিদ্যালয়খন চিংগাপুৰৰ দুটি প্ৰতিষ্ঠানৰ তত্বাৱধানত আৰম্ভ হৈছে। ইয়াত দহ হাজাৰ শিক্ষাৰ্থীয়ে একেলগে শিক্ষা লাভ কৰিব পাৰিব।

Post a Comment

Previous Post Next Post