শিৱসাগৰত হঠাৎ হ্ৰাস পালে ব্ৰইলাৰ মাংসৰ দাম


 

ব্ৰইলাৰ মাংস খাই ভাল পোৱা সকলৰ বাবে এক বিশেষ খবৰ। কাৰণ যিসময়ত ৰাজ্যৰ আন আন ঠাইত ব্ৰইলাৰ মাংসৰ দাম মানুহৰ চিন্তাৰ বিষয় হৈ পৰিছে সেইসময়ত এই মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ পাব শিৱসাগৰবাসীয়ে। কাৰণ এই ঠাইত এতিয়া ব্ৰইলাৰ ঠাইত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। জানিব পৰা মতে ইয়াত ব্ৰইলাৰ মাংসৰ দাম প্ৰতি কিলোগ্ৰামত ৩০ৰ পৰা ৬০ টকা পৰ্যন্ত হ্ৰাস হৈছে।


অৱশ্যে এই মূল্য হ্ৰাসে উদ্ৰেক কৰিছে বহু প্ৰশ্নৰ। হঠাৎ ব্ৰইলাৰ মাংসৰ দাম প্ৰতি কিলোত ৩০ৰ পৰা ৬০ টকা পৰ্যন্ত হ্ৰাস হোৱাত এটা প্ৰশ্নই গঢ় লৈ উঠিছে যে ব্ৰইলাৰ চিণ্ডিকেটৰ অৱসান ঘটিছে নেকি। মন কৰিবলগীয়া যে, কেইদিনমান আগলৈকে দ্ৰুত গতিত দাম বৃদ্ধি হৈছিল ব্ৰইলাৰৰ। যাৰবাবে বহু লোকৰ অসুবিধা হৈছিল। কিন্তু শেহতীয়াকৈ চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ফলতেই শিৱসাগৰত ব্ৰইলাৰৰ দাম হ্ৰাস হোৱা বুলি ধাৰণা কৰা হৈছে।


Post a Comment

Previous Post Next Post