শ্ৰীৰামপুৰত সদৌ অসম কোচ-ৰাজবংশী সন্মিলনে ৰে’ল অৱৰোধ কাৰ্যসূচী


 

আজি সদৌ অসম কোচ-ৰাজবংশী সন্মিলনে ৰে’ল অৱৰোধ কাৰ্যসূচী হাতত লৈছে। পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এই ৰে’লপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি জানিব পৰা গৈছে। কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতীকৰণৰ দাবীত তেওঁলোকে এই কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছে।


প্ৰাপ্ত তথ্য অনুসৰি, অসম বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। অৱৰোধস্থলীত সংযোগ হোৱা প্রতিটো পথ, উপ-পথত আৰক্ষী অৰ্ধ সামৰিক বাহিনী মোতায়েন থাকিব।

উল্লেখযোগ্য যে, পুৱতি নিশাৰ পৰাই শ্ৰীৰামপুৰত হেজাৰ হেজাৰ লোক উপস্থিত হৈ প্ৰতিবাদ কৰি আছে। কিন্তু প্ৰতিবাদকাৰীক ৰে’ল পথত উঠাত আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে বাধা প্ৰদান কৰিছে। যিকোনো অঘটনৰ পৰা বাচিবলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post