একাদশ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত অনুষ্টুপীয়াকৈ আয়োজিত অনুষ্ঠানক লৈ বিতৰ্ক


 

সুধাকন্ঠৰ ড০ ভূপেন হাজৰিকাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী। এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীস্থিত সুধাকন্ঠৰ সমাধিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। মাত্ৰ ৪৫ মিনিটতেই ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰিলে সাংস্কৃতিক সঞ্চালকালয়ে।

উল্লেখযোগ্য যে, এই অনুষ্ঠানত  চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নহ’ল। সেৰেঙা উপস্থিতিৰে ভূপেন দাৰ স্মৃতি দিৱস সাংস্কৃতিক সঞ্চালকালয়ে অনুষ্ঠান সামৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"চৰকাৰে শিল্পীক সন্মান কৰিব নাজানে৷ এঘাৰটা বছৰতে ভুপেন হাজৰিকাক পাহৰিলে চৰকাৰে৷ আজি মোৰ তৰুণ গগৈলৈ মনত পৰিছে। লাভ থকা কথাতহে চৰকাৰে মনোযোগ দিয়ে৷"

Post a Comment

Previous Post Next Post