লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিলে ডিব্ৰুগড় আৰক্ষীয়ে পুৰস্কাৰৰূপে আগবঢ়াব নগদ ৫০ হাজাৰ টকা


 

ডিব্ৰুগড়ৰ লালুকাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত জিলাখনৰ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই ঘোষণা অনুসৰি লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিয়াজনলৈ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰৰূপে দিয়া হ’ব। লগতে তথ্য দিয়া ব্যক্তিগৰাকীৰ চিনাকী গোপনীয় ৰখা হ'ব। অসম আৰক্ষীয়ে  টুইটাৰত প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ কৰি অথবা আৰক্ষী অধীক্ষক, ডিব্ৰুগড় সৈতে যোগাযোগ  কৰি উক্ত বিষয় সন্দৰ্ভত জনাব পাৰে বুলি এক টুইটযোগে জনালে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে। ইয়াৰ বাবে এটা যোগাযোগ নম্বৰো আগবঢ়াইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। এই নম্বৰটো হৈছে– ফোন/ৱাটছএপ ৬০২৬৯০১৩০০।

https://twitter.com/dibrugarhpolice/status/1588589920666669056?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1588589920666669056%7Ctwgr%5E9a199bd203f973a206df74f84311dc2f027150e8%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fassam.news18.com%2Fnews%2Fassam%2Fdibrugarh-police-announces-rs-50000-as-award-to-the-person-who-will-provide-information-on-pistol-used-in-lalukas-firing-news-262825.html


উল্লেখযোগ্য যে, বিগত ৩১ অক্টোবৰ তাৰিখ সোমবাৰে ডিব্ৰুগড় চহৰৰ লালুকাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। লালুকাৰ এখন টায়াৰৰ দোকানৰ সন্মুখত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ এজন ব্যক্তিক অচিনাক্ত দুৰ্বৃত্তই নিচেই কাষৰ পৰা গুলীচালনা কৰিছিল। মটৰচাইকেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত দুৰ্বৃত্তই গুলীয়াই বুলি তেওঁ প্ৰকাশ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰিছে।

Post a Comment

Previous Post Next Post