বিশেষ হ'ল কোহলীৰ জন্মদিন, BCCI ৰ পৰা RCB লৈকে বিশেষ ধৰণে যাঁচিলে শুভেচ্ছা

 


ভাৰতীয় দলৰ জনপ্ৰিয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে শনিবাৰে ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। ১৯৮৮ চনৰ ৫ নৱেম্বৰত ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰিছিল কোহলীয়ে। কোহলীৰ মাতৃৰ নাম সৰোজ কোহলী আৰু পিতৃৰ নাম প্ৰেমজী। কোহলীৰ ভায়েকৰ নাম বিকাশ আৰু জ্যেষ্ঠ ভগ্নীৰ নাম ভাবনা। ভাৰতীয় তাৰকা বেটছমেনগৰাকীয়ে ২০১৭ চনৰ ১১ ডিচেম্বৰত বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। একে সময়তে প্ৰায় চাৰি বছৰৰ পাছত এই দম্পতীহালে ২০২১ চনত এটি কন্যা শিশুৰ পিতৃ-মাতৃ হৈ পৰে। অনুষ্কাই ২০২১ চনৰ ১১ জানুৱাৰীত এটি কন্যা সন্তান জন্ম দিয়ে। দুয়োজন দম্পতীয়ে শিশুটিক ‘বামিকা’ নামেৰে মৰমেৰে মাতে। কোহলীৰ ৩৪ সংখ্যক জন্মদিনত ৰাইজে মুকলিকৈ অভিনন্দন জনাইছে, যিটো তলত দিয়া ধৰণৰ-


কোহলীৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰি পাকিস্তানী বেগী বলাৰ শ্বাহনৱাজ দহানীয়ে লিখিছে, ‘ক্ৰিকেটক আটাইতকৈ সুন্দৰ কৰি তোলা শিল্পীজনক শুভেচ্ছা জনাবলৈ ৫ নৱেম্বৰলৈকে অপেক্ষা কৰিব নোৱাৰি। জন্মদিনৰ শুভেচ্ছা থাকিল বিৰাট কোহলী।

কোহলীৰ জন্মদিন উপলক্ষে বিশেষভাৱে অভিনন্দন জনাইছে বিচিচিআইয়ে। ব'ৰ্ডে লিখিছে, '৪৭৭খন আন্তঃৰাষ্ট্ৰীয় মেচ আৰু গণনা চলি আছে...'বিৰাট কোহলীৰ আই পি এল দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে বিশেষভাৱে অভিনন্দন জনাইছে কোহলীক। আফ্ৰিকান ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে দলটোৱে। এই ভিডিঅ'টোত তেওঁক কোহলীৰ বিষয়ে কোৱা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ফ্ৰেঞ্চাইজিটোৱে লিখিছে, "প্ৰিয় বিৰাট কোহলী। ইয়াত এজন অতি বিশেষ বন্ধুৰ পৰা এক অতি বিশেষ শুভেচ্ছা।"

Post a Comment

Previous Post Next Post