ভোট দিয়াটো মানুহৰ সংবিধানিক অধিকাৰ। সকলো ভাৰতীয় নাগৰিকে ১৮ বছৰ অতিক্ৰম কৰিলে ভোট দিয়াৰ উপযুক্ত হয়। নিৰ্বাচনত উপযুক্ত প্ৰাৰ্থীক ভোট দি নিজ অঞ্চল, ৰাজ্য তথা দেশ চলাবলৈ দায়িত্ব দিয়া এক সংবিধানিক প্ৰক্ৰিয়া। সময়ে সময়ে দেখা যায় বহু লোকে বিভিন্ন কাৰণ যেনে স্বাস্থ্যজনিত অসুস্থতা, বহিঃৰাজ্যত চাকৰিসূত্ৰে থকা ইত্যাদিৰ বাবে ভোট দিয়াৰ পৰা বঞ্চিত থাকে অথবা ভোট দিব নোৱাৰে।
নিৰ্বাচনৰ দিনা ভোটৰ সংখ্যাৰ লগতে বিভিন্ন কাজিয়া–মাৰপিট ইত্যাদি খবৰ প্ৰায়েই শুনিবলৈ পোৱা যায। কিন্তু ভাৰতত ভোট দিয়াৰ পিছতেই মৃত্যুক সাৱটি লোৱা এক ঘটনাই বৰ্তমান সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। ১০৬ বছৰ বয়সৰ হিমাচল প্ৰদেশৰ উনা জিলাৰ বাসিন্দা মাষ্টৰ শ্যাম সাৰণ নেগীয়ে ভোটদানৰ দায়িত্ব পালন কৰি মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মাষ্টৰ শ্যাম সাৰণ নেগী অসুস্থ হৈ আছিল। মৃত্যুৰ পূৰ্বে মাষ্টৰ শ্যাম সাৰণ নেগীয়ে ভোটদান কৰি দেশখনৰ প্ৰতি নিজৰ দায়িত্ব ও অধিকাৰ সম্পূৰ্ণ কৰিলে।
উল্লেখযোগ্য যে, আগন্তুক ১২ নৱেম্বৰত হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নেগীয়ে উক্ত নিৰ্ধাৰিত দিনত ভোটদান কৰিব যাব নোৱাৰিব বাবে ঘৰতে বেলট পেপাৰত ভোটদান কৰিলে। নিৰ্বাচন আয়োগে জনোৱা মতে, ৩ নৱেম্বৰত নেগীয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে বেলট পেপাৰত ভোটদান কৰিছিল। আজি মাষ্টৰ শ্যাম সাৰণ নেগীৰ দেহাৱসান হয়।
নিৰ্বাচন আয়োগে নেগীৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল আৰু কৈছিল যে গণতন্ত্ৰৰ ওপৰত নেগীৰ যথেষ্ট বিশ্বাস থকাৰ বুলি কয়। নেগীয়ে ভোটদান কৰাৰ পিছত কিন্নৌৰ উপায়ুক্তই তেওঁক বাসগৃহত সম্বৰ্ধনা জনাইছিল।