জেহাদী আৰু PFIৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ব অসম আৰক্ষী। স্পৰ্শকাতৰ অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে। এই মন্তব্য কৰিছে SDGP জি পি সিঙৰ। তেওঁ কয়, বিভিন্ন শ্লীপাৰ চেল গঠনৰ পৰিকল্পনা কৰিছে জেহাদীয়ে। কিন্তু অসম আৰক্ষীয়ে সেইসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল’ব।
PFI ৰ বিৰুদ্ধেও কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। বৃহস্পতিবাৰে নিশাও কামৰূপৰ নগৰবেৰাটো অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৩ PFI সদস্যক।
কনিষ্টবল নিযুক্তি CIDৰ গোচৰ প্ৰসংগত SDGP জি পি সিঙে কয়, ‘‘ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱা সকলো হ’ব গ্ৰেপ্তাৰ। চাৰ্টিফিকেট প্ৰদান কৰা কম্পিউটাৰ ইনষ্টিটিউটৰ স্বত্বাধিকাৰীও সাৰি নাযাব তদন্তৰ আওতাৰ পৰা।’’ সেইসকলক তলব কৰিবলৈ CIDক নিৰ্দেশ SDGP জি পি সিঙৰ।
