APSCত ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়


 

অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ গুৱাহাটী হাইক’ৰ্টে ৰাজ্য চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখিলে। ৰাজ্য চৰকাৰে লোৱা ভাষা প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰে ন্যায়ালয়ে।


গতিকে এতিয়াৰে পৰা অসমীয়া ভাষা বিষয়ক (APSC language Paper) পৰীক্ষা অবিহনেই ফলাফল ঘোষণা কৰাৰ বাবে অসম লোকসেৱা আয়োগক উচ্চ ন্যায়ালয়ে অনুমতি দিয়ে| ৰাজ্য চৰকাৰে এই সিদ্ধান্ত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰিছিল। APSCত অসমীয়া ভাষা বিষয়ক কাকত প্ৰত্যাহাৰ কৰিছিল কেবিনেটে।


কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত তৰা হৈছিল ৰাজহুৱা স্বাৰ্থজনিত আৱেদন। এই আৱেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখে। আনহাতে APSC ২০২০ৰ মূল পৰীক্ষা ভাষা বিষয়ক প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ ফলত ইয়াৰ ফলাফল ঘোষণা কৰিব পৰা যোৱা নাছিল। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত লোকসেৱা আয়োগ কৰ্তৃপক্ষক ইয়াৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি দিয়ে।

Post a Comment

Previous Post Next Post